আমেৰিকাৰ লোকসকলক সময় থাকোতেই দেশলৈ উভতিবলৈ নিৰ্দেশনা বাইডেন প্ৰশাসনৰ
ডিজিটেল ডেস্ক: দেশত প্ৰতিদিনাই বৃদ্ধি পাইছে ক’ভিড -১৯ ৰ সন্ত্ৰাস।আক্ৰান্তৰ সমান্তৰালভাৱে মৃত্যু মুখতো পৰিছে বহুতো লোক।ভাৰতৰ বৰ্তমানৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি চিন্তিত হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন।ভাৰতত প্ৰতিদিনে ৩.৮০ লাখ লোক ক’ৰণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে প্ৰায় ৩,৬০০ ৰো অধিক লোক।চিকিৎসালয় সমুহত বেডৰ অভাৱ হোৱা দেখা গৈছে।এই সকলোবোৰ প্ৰত্যক্ষ কৰি জ’ বাইডেনে অতি শীঘ্ৰে আমেৰিকাৰ সকলো নিজ দেশলৈ যাবলৈ নিৰ্দেশনা জাৰি কৰা পৰিলক্ষিত হৈছে।ভাৰতৰ সাম্প্ৰতিক অৱস্থাৰ বিষয়ে অৱগত হোৱাৰ পিছতে এই সিন্ধান্ত গ্ৰহণ কৰিছে বাইডেন প্ৰশাসনে।ইয়াৰ লগতে বৰ্তমান সময়ত কোনো লোক যাতে ভাৰতলৈ নাহে তাৰ বাবে সকিয়নি প্ৰদান কৰিছে।বৰ্তমানেও ভাৰত আৰু আমেৰিকাৰ মাজত বিমানসেৱা অব্যাহত আছে গতিকে সময় সুবিধা থাকোতেই আমেৰিকাবাসীক নিজ দেশলৈ উভতি যাবলৈ পৰামৰ্শ দিছে।