Daily Time Axom

১২ বছৰীয়া নাবালিকাক দাসী হিচাপে ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ এহাল দম্পতী

0 36



এগৰাকী ১২ বছৰীয়া নাবালিকাক এটা পৰিয়ালে সজাত বন্দী কৰি থৈ ফুৰিবলৈ গৈছিল।

পৰিয়ালটেয়ে বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে বিদ্যুৎ কৰ্তন কৰা হৈছিল। আন্ধাৰত থকা নাবালিকা গৰাকীয়ে ওচৰ-চুবুৰীয়াক কয় যে তাইক ঘৰত আবদ্ধ কৰি ৰখা হৈছিল। পাছত চুবুৰীয়াই দুৱাৰ ভাঙি উদ্ধাৰ কৰে নাবালিকা গৰাকীক। চুবুৰীয়াই ছোৱালীজনীৰ শৰীৰত অসংখ্য প্ৰহাৰৰ লগতে জ্বলা-পোৰাৰ চিন দেখা পায় উদ্ধাৰ কৰি থানাত খবৰ দিয়ে। জানিব পৰা মতে নাগপুৰৰ অথৰ্বনগৰী ছ’চাইটিৰ এটা বাসগৃহত সংঘটিত হৈছে এই ঘটনা । খবৰ অনুসৰি এহাল দম্পতীয়ে তিনিবছৰ পূৰ্বে বাংগালুৰুৰ পৰা ছোৱালীজনীক লৈ আহিছিল ১২ বছৰীয়া নাবালিকাগৰাকীক দাসী হিচাপে ৰাখি দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাইছিল। ঘৰৰ সকলো কাম কৰাৰ উপৰিও তাইক দৈনিক শাৰীৰিক নিৰ্যাতন চলাইচিল। আৰক্ষীৰ সূত্ৰ অনুসৰি ইতিমধ্যে ছোৱালীজনীৰ চিকিৎসা পৰীক্ষা কৰা হৈছে। লগতে গ্ৰেপ্তাৰ কৰা হৈছে দম্পতীহালক।।

Leave A Reply

Your email address will not be published.