Daily Time Axom

মূৰৰ কাষত মোবাইল চাৰ্জত দি নুশুব

0 43

গভীৰ নিশালৈকে মোবাইল চোৱা। আৰু তাৰ পিছত চাৰ্জত দি মূৰৰ ঠিক কাষতে থৈ টোপনি যোৱা বহুতৰে এই স্বভাৱ আছে।কিন্তু এয়া অতি ক্ষতিকাৰক। এই সন্দৰ্ভত এপলে ব্যৱহাৰকাৰীক সকীয়াই দিছে।

এই বিষয়ে এপলে অনলাইন ইউজাৰ গাইডত সতৰ্ক কৰি দিছে। আমেৰিকাৰ সংস্থাটোৰ মতে, নিশাৰ ভাগত অনলাইন গেম খেলা বা মোবাইল ফোনত অ’টিটি প্লেটফৰ্ম চোৱাৰ ধাৰা বাঢ়িছে। যাৰ বাবে মোবাইলৰ বেটাৰীৰ চাৰ্জো দ্ৰুতগতিত কমি যায়। সমাধান হিচাপে স্মাৰ্টফোন চাৰ্জ কৰাৰ সময়ত আপুনি ফোনটো হাতত ৰাখে। আৰু বহু সময়ত মোবাইলটো কাষতেলৈ টোপনি যায়। যিটো শৰীৰৰ বাবে অতি ক্ষতিকাৰক।

এপলৰ মতে, মোবাইলটো সমতল ঠাইত চাৰ্জ কৰিব লাগে। যেনে টেবুলত। কম্বল, আঠুৱা বা আপোনাৰ শৰীৰত ৰাখি চাৰ্জ কৰাটো একেবাৰেই সঠিক পদ্ধতি নহয়।

ইউজাৰ গাইডত লগতে কোৱা হৈছে যে যেতিয়া আইফোন চাৰ্জ হৈ থাকে তেতিয়া ই তাপ নিৰ্গত কৰে। যাৰ বাবে উপযুক্ত পৰিৱেশ আৰু মুকলি ঠাই উপলব্ধ নহ’লে ইয়াত জুই ধৰাৰ সম্ভাৱনা থাকে। একে কাৰণতে চাৰ্জি কৰি থাকোঁতে ফোনটো লগত ৰখাটোও অতি বিপদজনক।

আনকি পাৱাৰ বেংক, বেতাঁৰ চাৰ্জাৰ বা মোবাইল ফোন আদি ডিভাইচলৈ শুব নালাগে বুলি সকীয়াই দিয়ে। লগতে এনে যন্ত্ৰবোৰ কম্বল, আঠুৱাৰ তলত ৰাখিব নালাগে।

Leave A Reply

Your email address will not be published.