Daily Time Axom

লক্ষীমপুৰত আৰক্ষীক আক্ৰমণ ড্ৰাগছ বেপাৰীৰ

37

নিউজ ডেস্ক, ৭ চেপ্তেম্বৰঃ লখিমপুৰত আৰক্ষীৰ দলক ভয়ংকৰ আক্ৰমণ।বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত সংঘটিত হৈছে এই ঘটনা।ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিব গৈ আক্ৰমণৰ বলি হয় অভিযান চলোৱা আৰক্ষীৰ দলটো।

ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনক কৰায়ত্ত কৰাৰ পিছতে আৰক্ষীক আক্ৰমণ ছাদ্দামৰ পৰিয়ালৰ। আক্ৰমণ কৰি মোকলাই নিয়ে ছাদ্দাম হুছেইনক। লগতে আৰক্ষী জোৱানক কামুৰি আহত কৰে আক্ৰমণকাৰীৰ দলটোৱে।

ছাদ্দাম হুছেইনক বিচাৰি পুৱতিনিশা SP আনন্দ মিশ্ৰৰ অভিযান। বৃহৎ আৰক্ষীৰ দল লৈ ঘটনাস্থলী দলনিৰপাৰৰ পৰা আটক কৰে অৰ্ধ শতাধিক লোকক। আটকাধীন লোকসকলক বঙালমৰা, বিহপুৰীয়া,ধলপুৰ, নাওবৈচা,লালুক থানাত পৃথকে পৃথকে ৰখা হৈছে।

Comments are closed, but trackbacks and pingbacks are open.