Daily Time Axom

বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰহৈ পঢ়িব ৰবটে

0 63

যদিহে মোৰ বাবে ক্লাছটোত আন কোনোবাই পঢ়ি দিলেহেঁতেন – এইটোৱেই আছিল কম বেছি পৰিমাণে সকলোৰে শৈশৱত থকা চিন্তা। এতিয়া জাপানৰ এখন চহৰে সেই ধাৰণাটো বাস্তৱত পৰিণত কৰিবলৈ ওলাইছে। দক্ষিণ-পশ্চিমৰ কুমামোটো চহৰৰ বিদ্যালয়সমূহে ৰবট ব্যৱহাৰ কৰি অনুপস্থিত ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাত ভাৰ্চুৱেলি দেখা দিয়াৰ পৰিকল্পনা কৰিছে। এই ৰবটটোক সেই অনুপস্থিত ছাত্ৰজনৰ প্ৰতিনিধি হিচাপে গণ্য কৰা হ’ব।

জাপানৰ এই চহৰখনত হতাশা আৰু গুণ্ডাগিৰিৰ বাবে বিদ্যালয় এৰি দিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। এই কাৰণেই চহৰ কৰ্তৃপক্ষই বিদ্যালয়ত অনুপস্থিত ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীকোঠাত ভাৰ্চুৱেলি উপস্থিত থাকিবলৈ প্ৰতিনিধি হিচাপে ৰবট ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।

অহা নৱেম্বৰ মাহত কুমামোটোৰ বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাত এই ৰবট ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে।

চহৰৰ বিষয়াসকলে জনোৱা মতে, শিশুসকলে ঘৰৰ পৰাই স্কুলত ৰবটক প্ৰতিনিধিত্ব কৰিবলৈ এই যন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ সহায়ত তেওঁলোকে শ্ৰেণীকোঠাত অংশগ্ৰহণ কৰিব পাৰে আৰু সহপাঠীৰ সৈতে আলোচনা কৰিব পাৰে।

আন দেশৰ দৰে জাপানতো ক’ৰোনা মহামাৰীৰ পাছত বিদ্যালয়লৈ নোযোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱা বুলি দেশখনৰ চৰকাৰী তদন্তত প্ৰকাশ পাইছে। শ্ৰেণীকোঠাত শিশুৰ ওপৰত গুণ্ডাগিৰি বা নিৰ্যাতন ইয়াৰ কাৰণ বুলি কোৱা হয়।

প্ৰতিবেদন অনুসৰি এক মিটাৰ ওখ ৰবটসমূহ স্বয়ংক্ৰিয় হ’ব। ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰাই নিজকে প্ৰতিনিধিত্ব কৰা ৰবটৰ জৰিয়তে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.