হাৰিকেন ডেনিয়েলত কমেও ২০০০ লোকৰ মৃত্যু হয়।
লিবিয়াত ঘূৰ্ণীবতাহ ডেনিয়েলৰ ফলত হোৱা বৰষুণ আৰু বানত ২০০০ পৰ্যন্ত লোকৰ মৃত্যু হ’ব পাৰে বুলি স্থানীয় কৰ্তৃপক্ষই আশংকা কৰিছে। স্থানীয় লিবিয়া ৰাষ্ট্ৰীয় সেনাবাহিনীৰ মুখপাত্ৰ আহমেদ মিছমাৰীয়ে কয় যে কেৱল ডেৰ্না চহৰতে কমেও ২০০০ লোকৰ মৃত্যু হৈছে। পাঁচৰ পৰা ছয় হাজাৰ লোক সন্ধানহীন। ইতিমধ্যে অঞ্চলটোত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।
প্ৰশাসনে জনোৱা মতে, ডেৰ্নাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মথাউৰিটো ভাঙি যায়। ঘৰ-দুৱাৰ আৰু ৰাস্তা-ঘাট ধ্বংস হয়। আল-বাইদা, ডেৰ্না, আল-মাৰ্জ, টব্ৰুক, টেকনিছ, আল-বাইদা, বাট্টাহ, আল-জাবাল আল-আখদাৰ আৰু পূবৰ সকলো চহৰ আৰু গাঁও পানীত বুৰ গৈছে।