কুশা কপিলাৰ প্ৰেমত পৰিছে অৰ্জুন কাপুৰ। উৰাবাতৰিৰ বাবেই অৰ্জুন আৰু মলাইকা অৰোৰাৰ বহু চৰ্চিত সম্পৰ্ক ভাঙি গৈছে। অৱশ্যে কুশাই এই বিষয়টো পোনপটীয়াকৈ অস্বীকাৰ কৰে।
২০১৬ চনত ছলমান খানৰ ভাতৃ আৰবাজ খানৰ সৈতে ১৮ বছৰীয়া বিবাহৰ অন্ত পেলাইছিল মালাইকাই।
দুবছৰমানৰ ভিতৰতে মলাইকা পুনৰ প্ৰেমত পৰে। ১২ বছৰ সৰু বলীউডৰ অভিনেতা অৰ্জুন কাপুৰৰ সৈতে তেওঁৰ সমীকৰণ সেই সময়ত বলীউডত চৰ্চাত আছিল।
২০১৯ চনৰ শেষৰ ফালে মালাইকা আৰু অৰ্জুনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ সম্পৰ্ক স্পষ্ট কৰি দিয়ে। চাৰি বছৰৰ পাছত শেহতীয়াকৈ উৰাবাতৰি শুনা গৈছে যে সম্পৰ্কটোও ছিন্নভিন্ন হৈ পৰিছে।
তেওঁলোকৰ সম্পৰ্ক বিচ্ছেদৰ আঁৰত কুশা কপিলা নেকি?
শেহতীয়াকৈ কুশাই এটা সাক্ষাৎকাৰত অৰ্জুনৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কয়। তেওঁ কয়, মোক অপ্ৰয়োজনীয়ভাৱে খলনায়ক বনোৱা হৈছে। কিন্তু মই এইটোও বুজি পাওঁ যে মোৰ বিষয়ে সকলোৰে ভাল কথা সদায় কৈ নাথাকে।
ইপিনে কুশাই লগতে কয় যে স্বামীৰ সৈতে বিদায় লোৱাৰ পিছত তেওঁ কেৱল নিজৰ কামত মনোনিৱেশ কৰিব বিচাৰে।
মলাইকাৰ সৈতে বৰ্তমানৰ সম্পৰ্ক সমীকৰণৰ বিষয়ে অৰ্জুনে এতিয়াও মুকলিকৈ একো কোৱা নাই।