Daily Time Axom

তেতেলি কিয় খাব লাগে

0 76

তেতেলি নামটো শুনিলেই সকলোৰে মুখলৈ পানী আহে। বিশেষকৈ ছোৱালীৰ বাবে ই অতি প্ৰিয় ফল। স্বাস্থ্যসেৱাত তেতেলিৰ ভূমিকা অন্তহীন। তেতেলি ঔষধি গুণৰ বাবে অতীজৰে পৰা ব্যৱহাৰ হৈ আহিছে।

তেতেলি খালে কি কি লাভ হব পাৰে জানো আহক।

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে

ডায়েবেটিছ ৰোগীৰ বাবে তেতেলি অতি উপকাৰী। ই তেজৰ গ্লুক’জৰ মাত্ৰা হ্ৰাস কৰে। তেতেলিৰ প্ৰদাহ নিবাৰণকাৰী গুণে শৰীৰত চেনিৰ শোষণ হ্ৰাস কৰি তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

ডায়েবেটিছ ৰোগীয়ে ঔষধৰ লগতে তেতেলি নিয়মিতভাৱে সেৱন কৰি সুস্থ হৈ থাকিব পাৰে।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে

হৃদযন্ত্ৰৰ বাবে তেতেলি অতি উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। তেতেলিয়ে তেজত থকা ক্ষতিকাৰক কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

তেতেলিত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টি-বেক্টেৰিয়েল গুণ থাকে। যিবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেইবাবাৰো বৃদ্ধি কৰে। গৰম পানীত তেতেলি আৰু জলকীয়া মিহলাই চৰ্দি আৰু কাহৰ বাবে অতি উপকাৰী।

ওজন নিয়ন্ত্ৰণত ৰাখে

ওজন নিয়ন্ত্ৰণত তেতেলি অতি ফলপ্ৰসূ উপাদান। তেতেলিত হাইড্ৰক্সি চাইট্ৰিক এচিড থাকে, যাৰ ফলত আমাৰ শৰীৰত চৰ্বি জমা হোৱাত বাধা দিয়ে।

যদি আপুনি ওজন নিয়ন্ত্ৰণত ৰাখিব বিচাৰে তেন্তে তেতেলি চিৰাপ আপোনাৰ খাদ্য তালিকাত ৰাখিব পাৰে।

পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰে

তেতেলি আঁহযুক্ত ফল। সেয়েহে ই পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰে। নিয়মিতভাৱে তেতেলি খালে হজম শক্তি উন্নত হয়।

চুলি আৰু ছালৰ যত্ন

চুলি আৰু ছালৰ যত্নত তেতেলি এক ফলপ্ৰসূ উপাদান। মূৰৰ ছালত তেতেলিৰ ৰস প্ৰয়োগ কৰিলে ফোলিকলৰ বৃদ্ধি বৃদ্ধি পায়। চুলিৰ গুৰি শক্তিশালী কৰাত সহায় কৰে। তেতেলিত ভিটামিন চি থাকে যিয়ে ছালখনক ভিতৰৰ পৰা সুস্থ কৰি ৰখাত সহায় কৰে।

Leave A Reply

Your email address will not be published.