নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ জয়পুৰ-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ সংঘৰ্ষত ১১জন লোকৰ মৃত্যু।আজি পুৱতি নিশা এই ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, বাছখন ভাৱনগৰৰ পৰা মথুৰালৈ গৈ আছিল আৰু কিছু জিৰণিৰ বাবে ৰখাই থোৱা হৈছিল পথৰ দাঁতিত। সেই সময়তে তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে বাছখনত।যাৰ ফলত ১১ গৰাকীৰ মৃত্যু হোৱাৰ উপৰিও ১৫ জন গুৰুতৰভাৱে আহত হয়।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক পিএমএনআৰএফৰ পৰা ২ লাখ আৰু আহতসকলক ৫০,০০০ টকা দিয়াৰ ঘোষণা কৰে।
Comments are closed, but trackbacks and pingbacks are open.