সমগ্ৰ ভাৰততে নিজৰ আধিপত্য প্ৰদৰ্শন কৰিছে চাউথৰ লেডী ছুপাৰষ্টাৰ নয়নতৰাই। শেহতীয়াকৈ মুক্তি পোৱা শ্বাহৰুখ খানৰ ছবি ‘জৱান’ত মহিলা নায়িকা চৰিত্ৰত অভিনয় কৰি বলীউডত নিজৰ নাম উজলাই তুলিছে অভিনেত্ৰীগৰাকীয়ে। লগতে শীৰ্ষ স্থান দখল কৰিছে।
বিশ্বৰ সৰ্বাধিক প্ৰতিষ্ঠিত ৰেটিং চাইট আই এম ডি বিৰ তথ্য অনুসৰি এই সপ্তাহত ভাৰতীয় তাৰকা হিচাপে পৰিগণিত হৈছে নয়নতৰা।

তাতোকৈ আচৰিত কথাটো হ’ল তেওঁ বলীউডৰ কিং শ্বাহৰুখ খানক অতিক্ৰম কৰি এই সপ্তাহৰ জনপ্ৰিয় ভাৰতীয় তাৰকাৰ আইএমডিবিৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে।