Daily Time Axom

হঠাতে পিছ পৰি ৰ’ল কেটৰিনা কাইফ

0 77

কেটৰিনা কাইফ আৰু বিকি কৌশল বলীউডৰ অন্যতম জনপ্ৰিয় দম্পতী। ২০২১ চনৰ ৯ ডিচেম্বৰত দুয়োৰে বিবাহ হয়। অৱশ্যে বিবাহৰ পিছৰে পৰা কেটৰিনাই সংবাদ মাধ্যমৰ আগত কমকৈ ওলাইছে।

প্ৰথমে অভিনেত্ৰীগৰাকী বা গৰ্ভাৱস্থাৰ বিষয়ে উৰাবাতৰি ওলাইছিল। উৰাবাতৰি বিয়পি পৰে তেতিয়া,যেতিয়া ছলমান খানৰ ঘৰত ঈদৰ অনুষ্ঠানৰ পৰা ওলাই অহা দেখা গৈছিল কেটৰিনাক।

কিন্তু অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ সূত্ৰৰ মতে, এই মুহূৰ্তত তেওঁৰ হাতত কেইবাটাও ভাল চাকৰিৰ প্ৰস্তাৱ আছে; ইয়াৰে এটা হ’ল ‘টাইগাৰ-৩’।

‘টাইগাৰ’ চলচ্চিত্ৰ দ্বিতীয়খন ছবি টাইগাৰ জিন্দা হেই ২০১৭ চনত ছবিগৃহত মুক্তি লাভ কৰিছিল। এইবাৰ মুক্তি পাব ‘টাইগাৰ-৩’। এই ছবিখনকলৈ বেছি আগতিয়াকৈ সংবাদ মাধ্যমৰ সন্মুখলৈ আহিব নিবিচাৰে অভিনেত্ৰীগৰাকীয়ে। গতিকে লুকাই থকাৰ সিদ্ধান্ত লৈছে।

কেটৰিনাই সদায় নিজৰ ব্যক্তিগত জীৱনক লুকুৱাই ৰখাটোৱে পছন্দ কৰে।

Leave A Reply

Your email address will not be published.