Daily Time Axom

চাঞ্চল্যকৰ হত্যাকাণ্ড!প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা পত্নীৰ

63

নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ জাগীৰোডৰ শিলভঙাত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমিকেৰে মিলি স্বামীক হত্যা পত্নীৰ।বুধবাৰে নিশা সংঘটিত হয় এই জঘন্য হত্যাকাণ্ড।

নিচাজাতীয় দ্ৰব্য সেৱন কৰাই গাড়ীৰ ভিতৰত হত্যা স্বামী আচাদুৰ ৰহমানক। ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰি ঘাইপথৰ কাষত পেলাই দিছিল স্বামী আচাদুৰৰ মৃতদেহ। নিশাই অভিযুক্ত পত্নী ফিৰ’জা খাতুন আৰু অবৈধ প্ৰেমিক চফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

লগতে ৰণ্টু বৰদলৈ নামৰ গাড়ী চালকজনো জালত পৰিছে আৰক্ষীৰ। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Comments are closed, but trackbacks and pingbacks are open.