Daily Time Axom

মহানগৰীত নিশা পদপথত শুই থকা লোকক মহটিয়াই নিলে বিলাসী বাহনে, থিতাতে নিহত লোকজন

37

নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ নিশা গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা। মহানগৰীত পুনৰ হিট এণ্ড ৰাণৰ ঘটনা। পদপথত শুই থকা লোকক মহটিয়াই নিলে ক’লা ৰঙৰ বিলাসী বাহনে।

গণেশগুৰি উৰণ সেঁতুৰ তলত সংঘটিত হয় এই দুৰ্ঘটনা। এখন তীব্ৰবেগী বাহনে মহতিয়াই নিলে এজন লোকক। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় লোকজনৰ। নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা। লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

Comments are closed, but trackbacks and pingbacks are open.