Daily Time Axom

গোলাঘাটত যুৱকৰ হাত কাটি থৈ যোৱা দুই দুৰ্বৃত্তক আটক আৰক্ষীৰ

40

নিউজ ডেস্ক, ২৬ চেপ্টেম্বৰঃ গোলাঘাটত যুৱকৰ হাত কাটি থৈ যোৱা দুই দুৰ্বৃত্তক আটক আৰক্ষীৰ। ডাম্পাৰত অহা দুৰ্বৃত্তই ঘপিয়াই হাত কাটি থৈ যোৱাৰ পিছতো ২০ দিনে কোনো ব্যৱস্থা লোৱা নাছিল আৰক্ষীয়ে।অৱশেষত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতহে গা লৰে আৰক্ষীৰ।আনহাতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে চোমনী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰভাত শ‌ইকীয়া আৰু কনিষ্টবল মুনীন্দ্ৰ মাধৱ শ‌ইকীয়াৰ।

ডেৰগাওঁ আৰক্ষীৰ সহযোগত ঢেকীয়ালৰ চিনাতলিৰ পৰা দুই যুৱকক আটক কৰে।ঘটনা সন্দৰ্ভত দুই যুৱকক সোধ-পোছ অব্যাহত ৰাখিছে।

উল্লেখ্য যে প্ৰায় ২৩ দিনৰ পূৰ্বে সংঘটিত হৈছিল এই ঘটনা।ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল যদিও গোলাঘাট আৰক্ষীৰ ভূমিকা আছিল ৰহস্যজনক। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।কৃত্ৰিম হাত লগাই লোৱাৰহে পৰামৰ্শ দিছিল। ভুক্তভোগী যুৱকজনৰ অসহায় পিতৃয়ে বিধায়ক মৃণাল শইকীয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে।পৰৱৰ্তী সময়ত মৃণাল শইকীয়াই মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক টুইটাৰৰ জৰিয়তে অৱগত কৰে।

Comments are closed, but trackbacks and pingbacks are open.