Daily Time Axom

ৰাষ্ট্ৰীয় স্বীকৃতি প্রাপ্ত সত্ৰীয়া নৃত্যক উপেক্ষা চৰকাৰৰ

0 53

অসম চৰকাৰৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ে এক জাননীয়োগে ২০ ২৩-২০২৪ বৰ্ষৰ বাবে অসম সাংস্কৃতিক মহাসংগ্ৰাম নামেৰে এলানি প্রতিযোগিতা অনুষ্ঠিত কৰাৰ অৰ্থে সংশ্লিষ্ট কৰ্তৃপক্ষসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছিল। প্ৰতিযোগিতাসমূহৰ ভিতৰত জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, বিহু নৃত্য আৰু নৃগোঙ্কীয় নৃত্যক প্রাধান্য দিয়া হৈছে। কিন্তু অতিশয় পৰিতাপৰ বিষয় যে অসমৰ একমাত্ৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্রাপ্ত সত্ৰীয়া নৃত্যক সাংস্কৃতিক সঞ্চালকালয়ে প্রতিযোগিতাত উপেক্ষা কৰে। অসম সত্ৰ মহাসভাৰ প্রচাৰ সম্পাদক ঈশ্বৰ কান্ত মহন্তই বাতৰিকাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত প্রকাশ কৰে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত অসম তথা অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ অসমৰ সত্ৰীয়া সংস্কৃতিক আওকাণ কৰি তেনেধৰণৰ প্রতিযোগিতা অনুষ্ঠিত কৰাতো কেৱল চিন্তনীয়ই নহয়,চৰম পৰিতাপৰ কথা । এক বাৰ্তাত অসম সত্ৰ মহাসভাৰ সম্পাদক প্রধান কুসুম কুমৰ মহন্তই অতি দুখেৰে মন্তব্য কৰে যে বৰ্তমানৰ বিজেপি শ|সিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ সত্ৰ সংস্কৃতিক বিশেষ মাত্ৰা প্রদান কৰি যি সময়ত ইয়াৰ সৰ্বাংগীন উন্নয়নৰ বেলিকা নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে সাংস্কৃতিক সঞ্চালকালয়ৰ উক্ত প্রতিযোগিতাত সত্ৰীয় নৃত্যক উপহাস কৰাতো তীব্ৰভাৱে গৰিহণাৰ যোগ্য । সম্পাদক প্রধানজনে অধিক ব্যাখ্যা আগবঢ়াই কয় যে অসমত বিশেষকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সত্ৰসমূহৰ তথা বেদখলৰ ক্ষেত্ৰত যি যোগাত্মক ভূমিকাৰে যুদ্ধকালীন প্রচেষ্টা অব্যাহত ৰাখিছে বিগত কোনো চৰকাৰৰ দিনতে অসমৰ সত্ৰ-সংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়াত তেনে কোনো ইতিবাচক ভূমিকা পালন কৰা হোৱা নাই, এই আপাহতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁ অসম সত্ৰ মহাসভাৰ আন্তৰিক ধনাবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.