ৰাহুলৰ ‘ৰা’, শচীনৰ ‘চীন’।
নিউজিলেণ্ডৰ ভাৰতীয় মূলৰ ক্ৰিকেটাৰগৰাকীয়ে বিশ্বকাপত অভিষেক ঘটোৱাৰ সময়ত শতক অৰ্জন কৰে। ২৩ বছৰীয়া ক্ৰিকেটাৰগৰাকীৰ পিতৃয়ে কেইবাবছৰ পূৰ্বে কামৰ বাবে বাংগালুৰু এৰি নিউজিলেণ্ডলৈ গৈছিল। তাতেই ৰাচিন ডাঙৰ হৈ ক্ৰিকেটাৰ হোৱাৰ সপোন দেখিবলৈ ধৰিলে। ৰাচিনৰ পিতৃ আছিল দুই ভাৰতীয় ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড় আৰু শচীন টেণ্ডুলকাৰৰ ডাঙৰ অনুৰাগী। বৰ্তমান ৰাহুল দ্ৰাবিড় ভাৰতৰ মুখ্য প্ৰশিক্ষক। বৃহস্পতিবাৰে ৰাচিনে কয় যে মোৰ দেউতাই মোৰ নাম ৰাখিছিল দুজন কিংবদন্তি ক্ৰিকেটাৰৰ নামৰ নামেৰে। শচীনে খেলি থকা বহু ভিডিঅ’ ফুটেজ দেখিছোঁ। শচীন মোৰ আইকন। লগতে বাওঁহাতৰ ব্রায়ান লাৰা,কুমাৰ ছাংগাকাৰ মোৰ প্রিয় ক্ৰিকেটাৰ। ৰাচিনৰ পিতৃ-মাতৃয়ে নিজৰ পুত্ৰৰ খেল চাবলৈ নিউজিলেণ্ডৰ পৰা ভাৰতলৈ আহিছে। ৰাচিনৰ ইচ্ছা বিশ্বকাপৰ সময়ত বেংগালুৰুলৈ গৈ ককা-আইতাকক লগ পোৱা।