Daily Time Axom

ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাৰ এক প্ৰশংসনীয় পদক্ষেপ

0 47

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমতো শেহতীয়াকৈ ক’ভিড-১৯ য়ে ভয়ংকৰ পৰিস্থিতিৰ ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাই গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ।

এই ক’ভিড পৰিস্থিতিৰ মাজতে ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাই ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ,শিক্ষক শিক্ষয়িত্ৰী ,অভিভাৱক আৰু স্থানীয় ৰাইজক বিনামূলীয়াকৈ মাস্ক, গ্লোভচ, চাবোন আদি বিতৰণৰ কাম বৰ্তমানেও অব্যাহত ৰাখিছে। মঙলবাৰেও পুনৰ ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাৰ কৰ্মকৰ্তা সকলে ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰশাসনিক বিষয়া আৰু সৰুপথাৰ আৰক্ষী প্ৰশাসনৰ লগতে মহকুমাটোৰ একাংশ জেষ্ঠ সাংবাদিকৰ মাজতো মাস্ক, গ্লোভচ, চাবোন আদি বিতৰণ কৰা পৰিলক্ষিত হ’য়।মহকুমা প্ৰশাসন,আৰক্ষী প্ৰশাসন আৰু সাংবাদিক সকলৰ মাজত বিতৰণ কৰা এই অনুষ্ঠানত ৰেডক্ৰচৰ দিলিপ কোঁৱৰ,প্ৰতাপ গগৈ,মানিক কুমাৰ দেৱ,তুলসী চুতীয়া আৰু ডিম্বেশ্বৰ শইকীয়াকে আদি কৰি কেইবাজনো ৰেড ক্ৰচ ছছাইটিৰ বিষয় ববীয়া তথা কৰ্মকৰ্তা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.