Daily Time Axom

আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন

32

নিউজ ডেস্ক, ৯ অক্টোবৰঃ আজি ঘোষণা হ’ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। ঘোষণা কৰা হ’ব মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা, মিজোৰামৰ নিৰ্বাচনৰ দিন। দিনৰ ১২ বজাত ঘোষণা কৰিব নিৰ্বাচন আয়োগে।

দুপৰীয়া নিৰ্বাচন আয়োগে সম্বোধন কৰিব সংবাদমেল। এই সংবাদমেলতে নিৰ্বাচন আয়োগে ভোটদানৰ তাৰিখ, পৰ্যায়ৰ সংখ্যা, মনোনয়ন দাখিল আৰু প্ৰত্যাহাৰৰ তাৰিখ ঘোষণা কৰিব।

মিজোৰামৰ বিধান সভাৰ কাৰ্যকাল চলিত বৰ্ষৰ ডিচেম্বৰত শেষ হ’ব। আনহাতে তেলেংগানা, ৰাজস্থান, ছত্তীশগড় আৰু ৰাজস্থান বিধানসভাৰ কাৰ্যকাল অহা বছৰৰ জানুৱাৰীত শেষ হ’ব।

Comments are closed, but trackbacks and pingbacks are open.