Daily Time Axom

ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ১২৪জন ছাত্ৰ-ছাত্ৰীক

36

নিউজ ডেস্ক, ৯ অক্টোবৰঃ ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক।দেওবাৰে নিশা অসম চৰকাৰৰ তৎপৰাত অনা হৈছে ছিকিমত অধ্যয়নৰত ১২৪ জন শিক্ষাৰ্থীক। সোমবাৰে পুৱাৰ ভাগতে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকল। গুৱাহাটীত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

উল্লেখ্য যে, ছিকিমত যোৱা ৩ অক্টোবৰৰ নিশা ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। ডাৱৰ বিস্ফোৰণত ছিকিমৰ তিস্তা নদীৰ পানী বৃদ্ধি পোৱাত দুটাকৈ ৰাষ্ট্ৰীয় পথ খহাই নিছিল। সম্পূৰ্ণৰূপে ব্যাহত হয় যোগাযোগ ব্যৱস্থা। যাৰ ফলত ছিকিমত অসমৰ বহু ছাত্ৰ ছাত্ৰী আৱদ্ধ হৈ পৰে।

Comments are closed, but trackbacks and pingbacks are open.