ক’ৰণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনুশীলন বাতিল চেন্নাই ছুপাৰকিংছৰ
ডিজিটেল ডেস্ক: দেশত ত্ৰাসৰ সৃষ্টিকাৰী ক’ৰণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত আছে।প্ৰতিটো দিনতে বৃদ্ধি পাইছে আক্ৰান্ত হোৱা লোকৰ সংখ্যা। শেহতীয়াকৈ ক’ৰণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনুশীলন বাতিল কৰিলে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰকিংছৰ দলটোৱে। চেন্নাই ছুপাৰকিংছৰ মুখ্য কাৰ্যবাহী কাশী বিশ্বনাথন আৰু বলিং প্ৰশিক্ষক লক্ষ্মীপতি বালাজী আক্ৰান্ত হৈছে ক’ভিড-১৯ ত। ইতিমধ্যে দুয়োজনকে কোৱাৰেন্টীনত ৰাখিছে বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰকিংছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব অহা ৫ মে’ত । খেলখনৰ পূৰ্বেই এতিয়া শিবিৰ সমুহত ক’ৰণাৰ সন্ত্ৰাস চলাত স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে এতিয়া খেলুৱৈ সকল।