Daily Time Axom

হামাছ আৰু ইজৰাইল বাহিনীৰ মাজত সংঘৰ্ষ অব্যাহত

0 40

সোমবাৰেও তৃতীয় দিনাৰ বাবে পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছ আৰু ইজৰাইল বাহিনীৰ মাজত সংঘৰ্ষ অব্যাহত আছে। ইজৰাইলৰ সশস্ত্ৰ বাহিনীয়ে ঘোষণা কৰে যে তেওঁলোকে গাজা সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ আশে-পাশে থকা সকলো অঞ্চল নিয়ন্ত্ৰণ কৰি দেশখনত অনুপ্ৰৱেশ কৰা হামাছৰ সদস্যসকলক বহিষ্কাৰ কৰিছে।

এই সংঘাতৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত আলোকপাত কৰা হৈছে:

প্ৰতিশোধমূলক আক্ৰমণত এতিয়ালৈকে পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত ৫১০ জন আৰু ইজৰাইলত ৮০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও পশ্চিম পাৰত কেইবাজনো পেলেষ্টাইনী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। এই সংঘাতত দুয়োপক্ষৰ পৰা ৫ হাজাৰৰো অধিক লোক আহত হয়।

ইজৰাইলে একাধিক স্থানৰ পৰা একেলগে হামাছৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সেনাবাহিনীত ৩ লাখ সংৰক্ষিত সৈনিক (সংৰক্ষিত) সংযোজন কৰিছে। গাজাত সম্ভাৱ্য স্থল অভিযানৰ বাবে প্ৰায় এক লাখ ইজৰাইলী সৈন্য সাজু হৈছে।

সংঘাত আৰম্ভ হোৱাৰ তিনিদিন নৌহওঁতেই গাজাত ১ লাখ ২০ হাজাৰতকৈ অধিক লোক স্থানচ্যুত হৈছে।

ইজৰাইলৰ সমৰ্থনত আমেৰিকাই এই অঞ্চললৈ কেইবাখনো যুদ্ধ জাহাজ আৰু বিশ্বৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ ইউ এছ এছ জেৰাল্ড ফৰ্ড প্ৰেৰণ কৰিছে।

ইজৰাইলত হামাছৰ এই আক্ৰমণত ইৰাণ জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।

Leave A Reply

Your email address will not be published.