Daily Time Axom

মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড,বেহৰবাৰীৰ সোণকুছিত স্বামীয়ে হত্যা কৰিলে পত্নীক

54

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড৷ বেহৰবাৰীৰ সোণকুছিত স্বামীয়ে হত্যা কৰিলে পত্নীক। নিশা ডিঙি চেপি হত্যা কৰে স্বামী জেল হকে। নিহত মহিলাগৰাকীৰ নাম হামেদা বেগম।

জানিব পৰা মতে, স্বামীয়ে ডিঙি চেপি হত্যা কৰে মহিলাগৰাকীক। অৱশ্যে কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হৈছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

পৰিয়ালটো বেহৰবাৰীত ভাৰাতীয়া হিচাপে আছিল।ইতিমধ্যে স্বামী জেল হকে গোৱালপাৰাৰ লক্ষীপুৰ থানাত আত্মসমৰ্পণ কৰে। এই হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে

Comments are closed, but trackbacks and pingbacks are open.