Daily Time Axom

আজি বিশ্বকাপ ক্ৰিকেটত চিৰবৈৰী পাকিস্তানৰ মুখামুখি হ’ব ভাৰত

37

নিউজ ডেস্ক, ১৪ অক্টোবৰঃ আজি এদিনীয়া বিশ্ব কাপত পাকিস্তানৰ মুখামুখি হ’ব টীম ইণ্ডিয়া। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপৰ ১৪ নং মেচত সমুখসমৰত দুই চিৰ প্রতিদ্বন্দ্বী। বিয়লি ২ বজাৰ পৰা বহু প্ৰত্যাশিত ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচখন আৰম্ভ হ’ব।

প্ৰায় ১ লাখ ৩০ হাজাৰ ক্ৰিকেট অনুৰাগীৰ সমাগমৰে ভৰি পৰিব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম। নিৰাপত্তাৰ দিশতো অধিক গুৰুত্ব দিছে ICC আৰু BCCIয়ে।

মেচখনৰ বাবে উৎকণ্ঠা বাঢ়িছে ক্ৰিকেট অনুৰাগীৰ। হাই-ভল্টেজ মেচখনৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা আহমেদাবাদত উপস্থিত হৈছে অনুৰাগীসকল।

Comments are closed, but trackbacks and pingbacks are open.