Daily Time Axom

ভাৰতত বাঢ়িছে পথ দুৰ্ঘটনা

0 32

ভাৰতত প্ৰতি বছৰে বাঢ়িছে পথ দুৰ্ঘটনা। যোৱা বছৰৰ হিচাপ অনুসৰি এই দুৰ্ঘটনা প্ৰায় ১২ শতাংশ বৃদ্ধি পাইছে। চৰকাৰী প্ৰতিবেদন অনুসৰি পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। এই ঘটনা অভাৰ স্পীডৰ বাবে হোৱা বুলি অনুমান কৰা হৈছে। ২০২১ চনত ভাৰতত পথ দুৰ্ঘটনাৰ সংখ্যা আছিল ৪ লাখ ১২ হাজাৰ ৪৩২। তাত ২০২২ চনত এই সংখ্যা হৈছে ৪ লাখ ৬১ হাজাৰ ৩১২। যোৱা বছৰ পথ দুৰ্ঘটনাত ১ লাখ ৬৮ হাজাৰ ৪৯১ জন লোকৰ মৃত্যু হৈছিল। পথ দুৰ্ঘটনাত প্ৰায় ৪ লাখ ৪৩ হাজাৰ ৩৬৬ জন লোক আহত হয়। এই সংখ্যা যথেষ্ট আতংকজনক বুলি ভবা হৈছে।

অধ্যয়নৰ মতে বেয়াকৈ গাড়ী চলোৱা, মদ্যপান কৰি গাড়ী চলোৱা আৰু যান-বাহন আইন উলংঘাৰ বাবে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। যদিও সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, কিন্তু কিমান কাম কৰা হৈছে সেই লৈ সন্দেহৰ সৃষ্টি হৈছে। প্ৰতিবেদন অনুসৰি ২০২২ চনত ৭১ শতাংশতকৈ অধিক লোকৰ মৃত্যু হৈছিল ভুল পথত চলোৱাৰ বাবে। অত্যধিক স্পীডত গাড়ী চলোৱাৰ ফলত আহত হৈছে ১০ হাজাৰৰো অধিক লোক। লগতে ৫০ হাজাৰৰো অধিক লোকে হেলমেট পৰিধান নকৰাৰ ফলত বাইক দুৰ্ঘটনাত পতিত হয়। ১৬ হাজাৰৰো অধিক লোকে গাড়ী চলোৱাৰ সময়ত ছিটবেল্ট পৰিধান নকৰে। গতিকে আকস্মিক দুৰ্ঘটনাৰ ফলত তেওঁলোকৰ মৃত্যু হয়।

Leave A Reply

Your email address will not be published.