Daily Time Axom

বিজনীত আপৰ প্ৰতিবাদ

0 44

আপৰ মুৰব্বী তথা দিল্লীৰ মূখ্যমন্ত্ৰী আৰবিন্দ কেজৰীৱালৰ বিৰুদ্ধে বিজেপিয়ে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে এই প্ৰতিবাদ।

সমগ্ৰ ৰাজ্যৰ লগতে চিৰাংৰ বিজনী কয়লাময়লা বাছ আস্থানত আম আদমী পাৰ্টিয়ে আজি বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী আৰবিন্দ কেজৰীৱালৰ বিৰুদ্ধে বিজেপিয়ে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
চিৰাং জিলা আম আদমী পাৰ্টিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদ।

প্রতিবাদকাৰীয়ে বিজেপি, আৰ এছ এছ সূচিয়াৰ,গণতন্ত্ৰৰ হত্যাকাৰী বিজেপি গো বেক , আম আদমী পাৰ্টি জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।
চিৰাং জিলাৰ আপৰ সম্পাদক সুকুমাৰ মজুমদাৰে শাসনাধীন বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে বিজেপিয়ে ২০২৪ চনত‌ বিজয়ী হোৱাৰ বাবে বিজেপিয়ে বিৰোধী দলৰ নেতা সকলক এৰেষ্ট কৰোৱাই , বিৰোধী দল বিলাকক দূৰ্বল কৰাৰ পৰিকল্পনাৰ লগতে পবিত্ৰ গণতন্ত্ৰৰ সংবিধান ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে ।
কিন্তু আমি এইবোৰ হ’ব নেদিও আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম বুলি সংবাদ মাধ্যমৰ যোগে আপৰ সম্পাদক সুকুমাৰ মজুমদাৰে মন্তব্য আগবঢ়ায় ।

Leave A Reply

Your email address will not be published.