ইজৰাইলয়ে ঘেৰি ধৰিছে গাজা চহৰ। যিকোনো মুহূৰ্ততে গাজাত চূড়ান্ত আক্ৰমণ চলাব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এক্সত লিখিছে, ‘আমি চূড়ান্ত যুদ্ধৰ সীমাত আছো। ইতিমধ্যে কেইবাটাও সফলতা লাভ কৰিছো।” নেতানিয়াহুৱে সাধাৰণ পেলেষ্টাইনীসকলক গাজাৰ উত্তৰ ফালৰ পৰা দক্ষিণ দিশলৈ যাবলৈ নিৰ্দেশ দিয়ে। তেওঁ সাধাৰণ নাগৰিকৰ উজনিলৈ যোৱাৰ অনুৰোধ কৰিছে। কিয়নো হামাছক দমন কৰাৰ অভিযান অব্যাহত থাকিব।প্ৰসংগক্ৰমে ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা হামাছ-ইজৰাইল যুদ্ধত এতিয়ালৈকে প্ৰায় ১০ হাজাৰ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে।