ইজৰাইলে গাজাত ইটোৰ পিছত সিটো ঠাইত আক্ৰমণ চলাইছে। এই কথা দেখি ৰাষ্ট্ৰসংঘই উদ্বেগ প্ৰকাশ কৰি কয় যে গাজা চহৰত কোনো নিৰাপদ স্থান নাই।
শনিবাৰে ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইন শৰণাৰ্থী সংস্থাৰ সঞ্চালক থমাছ হোৱাইটে এই মন্তব্য কৰে। তেওঁ কয়, তাত থকা বাসিন্দাসকলক বচাবলৈ ৰাষ্ট্ৰসংঘই প্ৰায় একোৱেই কৰিব নোৱাৰে।
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। পৰিসংখ্যা অনুসৰি এই আক্ৰমণত কমেও ২২ হাজাৰ লোক আহত হৈছে।
Next Post