উগ্ৰপন্থীয়ে জেহাদৰ নামত মুছলমানক হত্যা কৰি আছে। এইবাৰ কাবুলত এখন বাছত ভয়ংকৰ বিস্ফোৰণত শ্বিয়া সম্প্ৰদায়ৰ ৭জন লোক নিহত হয়। ইছলামিক ষ্টেটে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে। মঙলবাৰে কাবুলৰ দস্ত-ই-বৰচি অঞ্চলত সংঘটিত হয় এই ঘটনা। তাত এখন বাছত বিস্ফোৰণ ঘটে। এই ঘটনা সন্দৰ্ভত কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদ্ৰানে কয় যে, “কাবুলৰ দস্ত-ই-বৰচি অঞ্চলত এখন যাত্ৰীবাহী বাছত বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাত ৭ জন লোকে প্ৰাণ হেৰুৱালে। ২০ জন লোক আহত।” জানিব পৰা মতে, এই ঘটনাৰ পিছতে নিৰাপত্তাৰক্ষী অঞ্চলটোত উপস্থিত হয়। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। নিহত সকলো সংখ্যালঘু ছিয়া সম্প্ৰদায়ৰ আছিল। তালিবান, আল কায়দা আৰু ইছলামিক ষ্টেটৰ দৰে চুন্নী উগ্ৰপন্থী সংগঠনে সদায় আফগানিস্তানৰ ছিয়া-হাজাৰা মুছলমানক লক্ষ্য কৰি আহিছে।