Daily Time Axom

নাজিৰাত লোকসভা নিৰ্বাচনলৈ বি জে পিয়ে টঙালি বান্ধিছে

0 40

নাজিৰাত সাংগঠনিক সভাত প্ৰভাৰি – বিধায়ক বিনোদ হাজৰিকাৰ অংশগ্ৰহণ ।
আগন্তুক যোৰহাট লোকসভা সমষ্টিৰ বাবে দিল্লীয়েহে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থী ।

সমাগত লোকসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে শাসকীয় বি জে পিয়ে ।লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুত্বত প্ৰতিটো বিধান সভা সমষ্টিত যাতে শাসকীয় দলৰ প্ৰাৰ্থীয়ে অগ্ৰগতিলৈ বি জে পিৰ মিত্ৰদলৰ প্ৰাৰ্থীক জয়ী কৰাব পাৰে সেই ক্ষেত্ৰত সমষ্টিয়ে সমষ্টিয়ে দলৰ পৰ্যবেক্ষক তথা প্ৰভাৰী নিয়োগ কৰি সাংগঠনিক ভেটি সৱল কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । আজি নাজিৰা নাট্য মন্দিৰত আগন্তুক লোকসভা নিৰ্বাচনত অগ্ৰসৰ হ’বৰ বাবে নৱগঠিত ৯৭ নং নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত আমগুৰি , নাজিৰা , পিয়লি ফুকন , শিমলুগুৰি মণ্ডলৰ কাৰ্যকৰ্তাৰ সৈতে মিলিত হয় সমষ্টিৰ প্ৰভাৰী তথা তত্বাৱধায়ক তথা বিধায়ক বিনোদ হাজৰিকা । ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ময়ুৰ বৰগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত হয় বি জে পিৰ সাংগঠনিক সভা ।আগন্তুক লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা নিৰ্বাচনত বি জে পিৰ মিত্ৰদলৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী জয়ী হোৱাত নাজিৰা বিধান সভা সমষ্টিৰ পৰা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰভাৰী তথা বিধায়ক বিনোদ হাজৰিকাই সংবাদ মাধ্যমৰ আগত আশা প্ৰকাশ কৰাৰ লগতে সাম্ভাব্য প্ৰাৰ্থী কোন হ’ব সেই সিদ্ধান্ত দিল্লী তথা ৰাষ্ট্ৰীয় সমিতিয়েহে নিশ্চিত কৰিব বুলি মত পোষণ কৰে ।এই অনুষ্ঠানত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ।

Leave A Reply

Your email address will not be published.