Daily Time Axom

গুৱাহাটীৰ ছয়মাইলৰ চাঞ্চল্যকৰ ঘটনাৰ নতুনমোৰ

0 39

গুৱাহাটী মহানগৰীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টৰ এটা ফ্লেটত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। ফ্লেটটোৰ পৰা দুৰ্গন্ধ ওলোৱাত আবাসীয়ে খবৰ দিয়ে আৰক্ষীক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰে যুৱতীগৰাকীৰ উৱলি যোৱা মৃতদেহ।এই ঘটনাৰ পিছতে এতিয়া ইটোৰ পিছত সিটো তথ্য পোহৰলৈ আহিছে। প্ৰায় তিনি মাহ পূৰ্বৰ পৰা মণিৰ খান নামৰ এজন লোকৰ সৈতে ফ্লেটটোত লিভ–ইনত আছিল অঞ্জু দৰ্জি নামৰ যুৱতীগৰাকী। জানিব পৰা মতে, হাউলীৰ মণিৰ খান বিবাহিত, আছে দুটা সন্তানো। বিবাহত হোৱাৰ পিছতো প্ৰেমৰ সম্পৰ্ক গঢ়িছিল অঞ্জুৰ সৈতে। কিন্তু প্ৰায় এসপ্তাহ পূৰ্বৰ পৰা মণিৰ খান ফ্লেটত নাছিল বুলি জানিব পৰা গৈছে। বন্ধ মণিৰৰ ম’বাইল, নাই কোনো শুংসূত্ৰ। অঞ্জুৰ সৈতে একেলগে বাস কৰা মণি খানে অঞ্জু দৰ্জিক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা হৈছে। কাঠৰ ব্যৱসায়ী মণিৰ খানে অঞ্জুক ইয়াৰ পূৰ্বেও হত্যা কৰাৰ চেষ্টা চলোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। একেলগে বাস কৰি থকাৰ পিছত হঠাৎ কোঠাৰ ভিতৰতে অঞ্জুক হত্যা কৰি বাহিৰৰ পৰা দুৱাৰত হুক মাৰি অভিযুক্ত মণি ওলাই গৈছিল। এতিয়ালৈ আৰক্ষীয়ে মণিৰ কোনা খবৰ পোৱা নাই। ইফালে, শেহতীয়াভাৱে লাভ কৰা তথ্য অনুসৰি, মণিৰ খানৰ পত্নীলৈ সঘনে ফোন কৰিছিল অঞ্জুৱে। মণিৰক ডিভ’ৰ্চ দিবলৈ ফোনত হেঁচা প্ৰদান কৰিছিল। পত্নীয়ে জানিছিল মণিৰ আৰু অঞ্জুৰ সম্পৰ্কৰ কথা। দহ দিন আগতে মণিৰক লগ পাইছিল প্ৰথমা পত্নীয়ে৷ বিগত চাৰিদিনৰ পৰা ফোনতো পোৱা নাই মণিৰক।জানিব পৰা মতে, প্ৰায় ৪ মাহ পূৰ্বে বোকাজানৰ ঘৰৰ পৰা বিউটিচিয়ানৰ কাম কৰিবলৈ অঞ্জু গুৱাহাটীলৈ আহিছিল। গুৱাহাটীত আহি অঞ্জুৱে বিগত তিনি মাহৰ পৰা মণিৰ খানৰ সৈতে লিভ ইনত থাকিবলৈ লয়। কিন্তু অঞ্জুৰ বোকাজানত থকা পৰিয়ালে মণিৰ খানক চিনি পোৱা নাছিল। কেৱল ভিডিঅ’ কলত

Leave A Reply

Your email address will not be published.