Daily Time Axom

মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ

0 38

মন্ত্ৰী অতুল বৰাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া যুৱকক আটক ।কিছুদিন পূৰ্বে সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া হৈছিল মন্ত্ৰী অতুল বৰাক।শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰে হত্যাৰ ভাবুকি দিয়া যুৱকজনক।যুৱকজন গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত বামুন মৰাণ গাঁৱৰ নিপ প্ৰতীম বৰুৱা(৩১)বুলি জানিব পৰা গৈছে। যুৱকজনক নিশাই নিজা বাসগৃহৰ পৰা আটক কৰে আৰক্ষীয়ে।ভাৰতীয় ষ্টেট বেংকৰ চাকৰি এৰি লোক নিৰ্মাণ গৃহ বিভাগৰ কনিষ্ঠ সহায়ক হিচাপে কৰ্মৰত আছিল যুৱকজন।শান্দিল্য উপাধিৰে ফেচবুকত কোনো পৰ্টেল এটাৰ তলত মন্ত্ৰী গৰাকীক ব’ম দি উৰুৱাই দিম বুলি পোষ্ট দিছিল। পোষ্টৰ পাছতে চি আই ডিয়ে নিজাববীয়াকৈ ৰুজু কৰা CID CASE NO:7/23 uc:120b/353/511/153a/506/507 and r/w sec:66/66f it act অধীনত যুৱকজনক গ্ৰেপ্তাৰ কৰে ।গৌৰীসাগৰ আৰক্ষীয়ে সদৰ আৰক্ষীৰ জিম্মালৈ যুৱকজনক প্ৰেৰণ কৰে । সদৰ আৰক্ষীয়ে চি আই ডিক যুৱকজনক অৰ্পন কৰিব ।চি আই ডি উলুবাৰীস্থিত কাৰ্যালয়লৈ লৈ যোৱা হব।

Leave A Reply

Your email address will not be published.