Daily Time Axom

ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ অক্ষয়জ্যোতিৰে ২৩ নবেম্বৰৰ পৰা গণেশগুৰিত শ্ৰীশ্ৰী হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ

0 50

গুৱাহাটী ২২ নবেম্বৰ: গণেশগুৰিৰ গণেশ মন্দিৰ ন্যাস সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী গণেশ উদ্যানত নিৰ্মাণ কাৰ্য্য অব্যাহত থকা হনুমান মন্দিৰটো পাচ দিনীয়া পূজা অৰ্চনাৰে অহা ২৮ নবেম্বৰত উদ্ধোধন কৰা হ’ব।

ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ অক্ষয়জ্যোতিৰে গণেশগুৰিত শ্ৰী শ্ৰী হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব।
অহা ২৩ নবেম্বৰৰ পৰা ২৭ নবেম্বৰলৈ চলিব লগা পূজা অৰ্চনাত ভাগ ল’ব চুবুৰীয়া দেশ নেপাল আৰু ৰাজস্থানৰ প্ৰায় ২০ জনতকৈ অধিক পুৰোহিতে।
তদুপৰি প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাম দলৰ নাম প্ৰসংগ অনুষ্ঠিত হ’ব।

ৰাজস্থানৰ শ্ৰী ছালচৰ ধামৰ পৰা অক্ষয়জ্যোতি আনিবলৈ যোৱা মন্দিৰ সমিতিৰ দলটো অহা ২৭ নবেম্বৰত গুৱাহাটীত উপস্থিত হ’ব আৰু সেই দিনাই গণেশগুৰিৰ শ্ৰী শ্ৰী হনুমান মন্দিৰত মাৰুতী নন্দন ভক্ত শিৰোমণি শ্ৰী বালাজী মহাৰাজৰ অক্ষয় বন্তি প্ৰতিষ্ঠা কৰা হ’ব।
শ্ৰী শ্ৰী হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে সমিতিৰ বিষয়ববীয়া ৰঞ্জিত বৰ্মণ আৰু অমিত গোয়েলে ।

Leave A Reply

Your email address will not be published.