পূৱ মঙলদৈৰ অঙ্গনবাদীৰ চি ডি পি অ বিষয়া ভক্তিৰেখা ৰায়ে আদৰ্শ অঙ্গনবাড়ি কেন্দ্ৰৰ আধাৰশিলাৰ শুভাৰম্ভ কৰে ।
দৰং জিলাৰ পূব মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওন্দোলাঝাৰত ২ নং ওন্দোলাঝাৰ অঙ্গনবাদী কেন্দ্ৰ আদর্শ অঙ্গনবাদী কেন্দ্ৰ হিচাপে স্বীকৃতি পোৱাৰ পিছতে পূৱ মঙলদৈৰ অঙ্গনবাদীৰ চি ডি পি অ বিষয়া ভক্তিৰেখা ৰায়ে 25 লাখ টকাৰে নিৰ্মান হ’বলগীয়া অঙ্গনবাদী কেন্দ্ৰৰ আধাৰশিলাৰ শুভাৰম্ভ কৰে । সুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে পূৱ মঙলদৈৰ অঙ্গনবাদীৰ চি ডি পি অ বিষয়া ভক্তিৰেখা ৰায়ে, ফখৰুদ্দিন আলি, সমাজ সেৱক আব্দুল গনী , ভিডিপি ছাদুল্লা হক লগতে বহু কেইগৰাকী স্থানীয় ব্যক্তি। অনুষ্ঠানটিৰ শুভাৰম্ভনি কাৰ্য্য সমাপ্ত কৰি পূৱ মঙলদৈৰ অঙ্গনবাদীৰ চি ডি পি অ বিষয়া ভক্তিৰেখা ৰায়ে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ বাবে সুস্থ সবল আৰু শিক্ষাৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে অসম চৰকাৰে প্ৰায়বোৰ অঙ্গনবাদী কেন্দ্ৰক আদর্শ অঙ্গনবাদী কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ।
Prev Post
ঐতিহ্যমণ্ডিত চক্চকা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা
Next Post