ইজৰাইল-হামাছৰ সংঘাতত প্ৰথম যুদ্ধবিৰতি। অৱশেষত হামাছে ২৫ জন পণবন্দীক মুকলি কৰি দিয়ে। ইয়াৰ ভিতৰত আছে ১৩ জন ইজৰাইলী আৰু ১২ জন থাই নাগৰিক। মুক্ত ইজৰাইলৰ নাগৰিকক ৰেড ক্ৰছৰ হাতত গতাই দিয়া হয়।
আনহাতে থাইলেণ্ডৰ নাগৰিকসকলক অতি সোনকালে সংশ্লিষ্ট দূতাবাসৰ হাতত গতাই দিয়া হ’ব। ইতিমধ্যে ৰাফা সীমান্তৰে ইজিপ্তত প্ৰৱেশ কৰিছে। মন কৰিবলগীয়া যে হামাছে ৫০ জন পণবন্দীক মুকলি কৰি দিয়াৰ প্ৰস্তাৱ মানি চলি চাৰিদিনীয়া যুদ্ধবিৰতি ঘোষণা কৰা হ’ব। অৱশ্যে যুদ্ধবিৰতি কেতিয়া হ’ব সেয়া ঘোষণা কৰা হোৱা নাই। পিছত খবৰ আহিল যে শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ১০:৩০ বজাৰ পৰা যুদ্ধবিৰতি আৰম্ভ হ’ব। অৱশেষত পণবন্দীসকলক মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। চাৰিদিনত ৫০ জন পণবন্দীক মুকলি কৰি দিয়া হ’ব।