Daily Time Axom

বিশ্ববিদ্যালয়ৰ সংগীত অনুষ্ঠানত পদপিষ্ট হৈ ৪ জন ছাত্ৰৰ মৃত্যু, আহত প্ৰায় ৬০ জন

0 39

এখন বিশ্ববিদ্যালয়ত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। মিউজিক কনচাৰ্টত পদপিষ্ট হৈ মৃত্যু হয় ৪ জন কলেজীয়া ছাত্ৰৰ।আনহাতে প্ৰায় ৬০ জন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে শনিবাৰে সন্ধিয়া কেৰালাৰ কোচিৰ কোচিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (CUSAT)ত সংঘটিত হয় এই ঘটনা। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে এই খবৰ নিশ্চিত কৰিছে। তেওঁ আশ্বাস দিয়ে যে আটাইকেইজন আহত লোকক চিকিত্‍সা প্ৰদান কৰা হৈছে। অৱশ্যে আহত সকলৰ ভিতৰত ৩জনৰ অৱস্থা সংকটজনক বুলিও উদ্বেগ প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।বিশ্ববিদ্যালয়ৰ সূত্ৰ অনুসৰি শনিবাৰে সন্ধিয়া কোচিন বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ মুকলি প্ৰেক্ষাগৃহত মিউজিক কনচাৰ্টৰ আয়োজন কৰা হয়।বিখ্যাত গায়িকা নিকিতা গান্ধীয়ে মঞ্চত গীত পৰিৱেশন কৰিছিল। তেতিয়াই বৰষুণ দিবলৈ আৰম্ভ কৰে। কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে য’ত থিয় হৈ গান শুনি আছিল তাত কোনো তম্বু নাছিল। ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত বৰষুণৰ পৰা ৰক্ষা পাবলৈ মঞ্চৰ সন্মুখলৈ যাবলৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। তেতিয়াই সংঘটিত হয় এই পদপিষ্টৰ ঘটনা।এই পদপিষ্টৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে সংগীত কনচাৰ্ট বন্ধ কৰি দিয়া হয় আৰু যুদ্ধকালীনভাৱে ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰাৰ চেষ্টা কৰা হয়। আহতসকলক ততাতয়াকৈ উদ্ধাৰ কৰি স্থানীয় চিকিত্‍সা মহাবিদ্যালয়ৰ চিকিত্‍সালয়লৈ প্ৰেৰণ কৰা হয়। তাত ৪ জন ছাত্ৰক মৃত ঘোষণা কৰা হয়। এতিয়া আহত প্ৰায় ৬০ জনৰ ভিতৰত ৩ জন ভেণ্টিলেচন ছাপৰ্টত আছে।

Leave A Reply

Your email address will not be published.