ক’ভিড সংক্ৰমণ ৰোধৰ বাবে ৰাজস্থানত লকডাউন ঘোষণা
ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে কাল কৰ’ণাৰ সন্ত্ৰাস।কৰ’ণাক ৰোধ কৰিবলৈ চৰকাৰে তথা প্ৰশাসনে লৈছে বিহীত ব্যৱস্থা।দেশৰ প্ৰায় সংখ্যক ৰাজ্যৰে অৱস্থা বৰ্তমান শোচনীয়।শেহতীয়া কৈ ক’ভিড সংক্ৰমণ আৰু জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজস্থান চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত।চলিত মাহৰ ১০ তাৰিখৰ পৰা লকডাউন বাহাল থাকিব ৰাজ্যখনত।১০ মে’ৰ পৰা ২৪ মে’লৈ বলবৎ থাকিব এই লকডাউন।সোমবাৰে পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ’ব লগা এই লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সেৱা সমুহৰ বাদে সকলোবোৰ বন্ধ থাকিব।ইয়াৰ লগতে ৰাজ্যখনৰ বিবাহ ভৱন সমুহ বন্ধ থাকিব ৩১ মে’লৈকে।উল্লেখযোগ্য যে ৰাজ্যখনৰ প্ৰতিখন জিলাৰ সৈতে যাতায়ত সেৱাও বন্ধ থাকিব।