*বৰ্ণিবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বীজ- the seed ৰ আতিথ্যত ডক্টৰ বিনয় কুমাৰ মজুমদাৰৰ কাব্যগ্ৰন্থ উন্মোচনৰ লগতে কবি সন্মিলনৰ আয়োজন।
নলবাৰী জিলাৰ ডিৰুৱা প্ৰাথমিক বিদ্যালয়ত “বীজ -the seed” ৰ আতিথ্যত “বৰ্ণিবাৰী শাখা সাহিত্য সভা”ৰ সহযোগত ডক্টৰ বিনয় কুমাৰ মজুমদাৰৰ কাব্যগ্ৰন্থ “শূন্যৰ বাওঁফালে বহা স্বাভাৱিক সংখ্যাটো” নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক পংকজ গোবিন্দ মেধিয়ে। আবেলি ৩.৩০ বজাত অনুষ্ঠিত উন্মোচনী সভাখনত সভাপতিত্ব কৰে বৰ্ণিবাৰী শাখা সাহিত্য সভাৰ সভাপতি মাধৱ দাসে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ উপ-প্ৰৱন্ধক হেমন্ত কুমাৰ হালৈ আৰু নাট্যকাৰ নৱৰত্ন পাটোৱাৰীয়ে। গ্ৰন্থ উন্মোচন উপলক্ষে আয়োজিত কবি সন্মিলন অনুষ্ঠানটো সঞ্চালনা কৰে কবি শান্তনু শৰ্মাই। বন্তি প্ৰজ্বলনত ভাগ লয় গল্পকাৰ অজিত ৰাজবংশী আৰু পিংকু মণি ৰায় চৌধুৰীয়ে। অনুষ্ঠানটোত বৰ্ণিবাৰী শাখা সাহিত্য সভাৰ সম্পাদক সত্যৰাম দাস, নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ, “বীজ-the seed ৰ কমল চন্দ্ৰ দাস, প্ৰণৱ কুমাৰ চক্ৰৱৰ্তী, শিক্ষক, কবি মানসজ্যোতি শৰ্মা, প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট কবি ,সাহিত্যিকৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।