Daily Time Axom

ইজৰাইলৰ কাৰাগাৰৰ পৰা মুক্তি পালে ৩০ গৰাকী পেলেষ্টাইনী মহিলা আৰু শিশু

0 33

হামাছ-ইজৰাইলৰ যুদ্ধবিৰতি চুক্তিৰ পঞ্চম দিনা ইজৰাইলে আৰু ৩০ জন পেলেষ্টাইনীক কাৰাগাৰৰ পৰা মুক্ত কৰে। এই পৰ্যন্ত ১৮০ পেলেষ্টাইনীক মুকলি কৰি দিয়া হৈছে। আনহাতে হামাছে ১২ জন কয়দীক মুকলি কৰি দিয়ে।
ইজৰাইলৰ কাৰাগাৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে তেওঁলোকে আৰু ৩০ জন পেলেষ্টাইনীক কাৰাগাৰৰ পৰা মুকলি কৰি দিছে।
তদুপৰি পেলেষ্টাইনী প্ৰিজনাৰ্ছ ক্লাবে প্ৰকাশ কৰা অনুসৰি যুদ্ধবিৰতি চুক্তি অনুসৰি মঙলবাৰে নিশা ইজৰাইলৰ কাৰাগাৰৰ পৰা ৩০ জন পেলেষ্টাইনী কয়দীক মুকলি কৰি দিয়া হৈছে। ইয়াৰে ১৫ গৰাকী মহিলা আৰু ১৫ গৰাকী শিশু। ইজৰাইল কাৰাগাৰৰ পৰা জনোৱা মতে, পশ্চিম অফেৰ কাৰাগাৰ আৰু জেৰুজালেমৰ ডিটেনচন চেণ্টাৰৰ পৰা মুকলি কৰি দিয়া হৈছে কয়দীসকলক।
কাটাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ মাজেদ আল আনছাৰীয়ে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে এই তথ্য নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে পেলেষ্টাইনৰ স্বাধীনতা আন্দোলন হামাছে স্থানীয় সময় অনুসৰি মঙলবাৰে আৰু ১২ জন পণবন্দীক মুকলি কৰি দিয়ে। ইয়াৰে ১০ জন ইজৰাইলী আৰু বাকী দুজন বিদেশী।
যোৱা শুকুৰবাৰে আৰম্ভ হোৱা যুদ্ধবিৰতিৰ পঞ্চম পৰ্যায়ত হামাছে মুঠ ৮১ জন পণবন্দীক মুকলি কৰি দিয়ে। আনহাতে, ইজৰাইলৰ কাৰাগাৰ কৰ্তৃপক্ষই ৫ দিনত ১৮০ জন পেলেষ্টাইনীক মুকলি কৰি দিয়ে, য’ত আজি নিশা মুকলি কৰা ৩০ জন পেলেষ্টাইনীক মুকলি কৰি দিয়া হৈছে। ২৪ নৱেম্বৰৰ পৰা ইজৰাইল আৰু হামাছৰ মাজত চাৰিদিনীয়া যুদ্ধবিৰতি আৰম্ভ হৈছিল। পিছত আৰু দুদিন বৃদ্ধি কৰা হ’ল।

Leave A Reply

Your email address will not be published.