Daily Time Axom

বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিজেপিৰ কৰ্মী সভাত ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অংশগ্ৰহণ

0 44

চিৰাং জিলাৰ বিজনী চহৰস্থিত বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি বিয়লি অনুষ্ঠিত বিজেপিৰ এখন কৰ্মী সভাত ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰি সাংবাদিকক কয় যে -কংগ্ৰেছ আৰু এ,আই,ইউ,ডিএফ (AIDUF)এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । মাজে মাজে চং ভং কৰি কংগ্ৰেছে এআইইউডিএফৰ সৈতে নাই বুলি কয় আৰু এআইইউডিএফে কংগ্ৰেছৰ সৈতে নাই বুলি ৰাইজক কয়।

চিৰাং জিলা বিজেপিৰ উদ্যোগত বিজনী বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হয় এই কৰ্মীসভা।

চিৰাং জিলা বিজেপিৰ সভাপতি ৰিন্তু কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিজনী জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক হোম প্ৰকাশ শৰ্মা, বিটিচিৰ মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, বিজেপিৰ মানাহ মণ্ডলৰ তত্বাৱধায়ক মনোজ বৰুৱা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা,বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়ক , কেএচিৰ উপাধ্যক্ষ তথা চিৰাং জিলা বিজেপিৰ সহ প্ৰহাৰী সুকেন ৰায়, থুৰিবাৰী মণ্ডলৰ তত্বাৱধায়ক বিতোপন ৰায় দিহিঙ্গীয়া, বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী সহ অন্যান্য নেতৃবৃন্দ অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.