Daily Time Axom

বৰমাৰ কিডনিৰ দুৰাৰোগ্য ৰোগত আক্রান্ত হোৱা লক্ষী শৰণীয়াক সহায়ৰ হাত আগবঢ়াবৰ বাবে আহ্বান দুৰ্ভগীয়া পৰিয়ালটিৰ।

0 9

ডিজিটেল ডেস্কঃ দেশ তথা ৰাজ্যৰ এনে মহামাৰীৰ সময়তে বৰমাৰ এটি দৰিদ্ৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ৷ দুবেলা দুমুঠি খাই জীৱন নিৰ্বাহ কৰি থকা বাপন দাস আৰু লতিকা দাসৰ পৰিয়ালটোৰ এজনী কিশোৰী আক্ৰান্ত হৈছে কিডনীৰ দুৰাৰোগ্য ৰোগত।
উল্লেখযোগ্য যে দৰিদ্ৰ পৰিয়ালটিৰ ১৪ বছৰীয়া কিশোৰী গৰাকীৰ নাম লক্ষ্মী শৰণীয়া নিজ-জুলুকী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী । অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ কিশোৰীগৰাকী। বৰ্তমান গুৱাহাটীৰ জি এন‌ আৰ চি হাস্পতালৰ বিচনাত চটফটাই থাকিবলগীয়া হৈছে দুৰাৰোগ্য ৰোগত ৷জানিবলৈ পোৱা মতে,তেওঁঁৰ এটা কিডনী সম্পূৰ্ণ ৰূপে বিকল হোৱাৰ উপৰিও আনটো কিডনী বিকল হোৱাৰ পথত।
চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিশোৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে চেন্নাই ৰ এপল’ হাস্পতাললৈ স্থানান্তৰ কৰিছে যদিও ধনৰ অভাৱতে পৰিয়ালটি উপায়ন্তৰ হৈ পৰিছে।
কিশোৰী গৰাকীৰ পিতৃ বাপন দাসে দিক বিদিক হেৰুৱাই এতিয়া ৰাইজৰ কাষ চাপিচে একমাত্র সহায় বিচাৰি ।
আপোনালোকৰ অলপ মান সহায়ে পৰিয়ালটিক বিপদৰ পৰা উদ্ধাৰ পোৱাত যথেষ্ট সহায় কৰিব।‌
কোনো হৃদয়বান ব্যক্তিয়ে উপায়ন্তৰ পৰিয়ালটিক সহায়ৰ হাত আগবঢ়াবৰ বাবে তেওঁক বেংকযোগে সহায় কৰিব পাৰিব।
ইউনাইটেড বেংক অব ইণ্ডিয়া
বৰমা শাখাৰ একাউণ্ট নম্বৰ
2028010098810
IFSC UTBIOBRXRO7
PHONE NUMBER – 8724995575

Leave A Reply

Your email address will not be published.