Daily Time Axom

পথ দূৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে “বিশ্ব স্মৃতি দিৱস”

0 53

মটৰ চাইকেল চলাই সজাগতামূলক ৰেলীৰে নাজিৰাত পৰিৱহণ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ পথ-সুৰক্ষা জন-সচেতনতা কাৰ্য্যসূচী

অসম চৰকাৰৰ পৰিৱহণ, আৱকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত নাজিৰা নাট্যমন্দিৰত অনুস্থিত হয় বিশ্ব স্মৃতি দিৱস | এই অনুষ্ঠান নাজিৰাৰ বিভিন্ন স্থানৰ বাটপথৰ অৱস্থা লগতে দূৰ্ঘটনা প্ৰতিৰোধৰ বাবে নাজিৰা মহকুমা প্ৰশাসন, আৰক্ষী, লোকনির্মাণ (পথ), পৰিৱহণ, আৱকাৰী আৰু সংশ্লিষ্ট বিভাগৰ উদ্যোগত লোৱা পদক্ষেপ সমূহৰ ওপৰত বিতং তথ্য সম্বলিত পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যন আগবঢ়োৱা হয় | অনুষ্ঠানত মন্ত্রী পৰিমল শুক্লবৈদ্যই শিৱসাগৰ জিলা পথ সুৰক্ষা সমিতিয়ে গ্রহণ কৰা পদক্ষেপ সমূহৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰি ইয়াক বৃহত্তৰ চিন্তাৰ প্ৰতিফলন বুলি উল্লেখ কৰে | তেওঁ নাজিৰা আৰু শিৱসাগৰ জিলাখনত যান-বাহন আইন কঠোৰ ভাৱে বলৱৎ কৰাৰ লগতে যান-বাহন আইন অমান্য কৰা বাহন চালকসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আৰু পৰিৱহণ বিভাগক নিৰ্দেশ দিয়ে | তেখেতে নাজিৰাৰ পথসমূহত দিশ নিৰ্দেশক তথা স্পীড লিমিটৰ চাইনবৰ্ড লগাবলৈ নিৰ্দেশ দিয়ে | উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কেইবাখনো জিলাত মটৰ চাইকেল চলাই সজাগতামূলক ৰেলীৰে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা অভিযান চলাই নাজিৰাত উপস্থিত হয় | অনুষ্ঠানত পৰিৱহণ মন্ত্রী পৰিমল শুক্লবৈদ্যই ৰাজ্য চৰকাৰে পথ সুৰক্ষাৰ ক্ষেত্রত তথা পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবৰ বাবে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে | মন্ত্ৰীগৰাকীয়ে কয় যে, এই মটৰচাইকেল ৰেলীৰ মূল উদ্দেশ্য হৈছে পথ সুৰক্ষাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি দায়িত্ববোধৰ মনোভাৱ গঢ়ি তোলা | তেখেতে পথসমূহ দূৰ্ঘটনামুক্ত কৰিবৰ বাবে দুচকীয়া বাহন চলাওঁতে সদায় হেলমেট পৰিধান কৰিবলৈ, তীব্ৰ গতিত বাহন নচলাবলৈ, সুৰাপান কৰি বাহন নচলাবলৈ, বাহন চলাওঁতে সদায় চিটবেল্ট পৰিধান কৰিবলৈ আৰু বাহন চলাওঁতে কেতিয়াও মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ সকলোকে আহ্বান জনায় | জনসাধাৰণ সজাগ সচেতন তথা দায়িত্বশীল হ’লেহে এখন দূৰ্ঘটনামুক্ত তথা সুৰক্ষিত জিলা আৰু ৰাজ্য গঢ়িব পৰা যাব বুলি তেখেতে উল্লেখ কৰে | নাজিৰা নাট্যমন্দিৰত অনুস্থিত এই অনুষ্ঠানত শিৱসাগৰ জিলা পথ সুৰক্ষা সমিতিৰ দ্বাৰা পথ সুৰক্ষা সন্দৰ্ভত নাজিৰাৰ স্থানীয় জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এখনি মনোগ্ৰাহী পুস্তিকা বিতৰণ কৰে | এই বৈঠকত নাজিৰা মহকুমাধিপতি আয়ুসী জৈন প্ৰমুখ্যে শিৱসাগৰ জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকল আৰু অন্যান্য চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে |

Leave A Reply

Your email address will not be published.