Daily Time Axom

বনভোজৰ বতৰত ৰিঙিয়াই মাতিছে নাজিৰাৰ নগা পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক বৰশিলৰ বনভোজস্থলীয়ে

0 51

ইংৰাজী নৱবৰ্ষক আদৰিবলৈ মাজত কেইটামান দিন বাকী।তেনেস্থলত এতিয়া দেখা গৈছে ৰাজ্যৰ বনভোজস্থলী সমূহত বনভোজৰ দলসমূহে আহি আনন্দত মতলীয়া হোৱা।
ব্যত্ৰিক্ৰম নহয় নাজিৰা। নাজিৰাৰ লক্ষ্মীজানত অৱস্থিত নগা পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক বৰশিলত দেখা গৈছে বিভিন্ন প্ৰান্তৰৰ বনভোজৰ দলসমূহ আহি আনন্দত মতলীয়া হোৱা।

নাজিৰাৰ লক্ষ্মীজানত অৱস্থিত নগা পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক বৰশিলৰ বনভোজস্থলীয়ে যেন ৰিঙিয়াই মাতিছে বনভোজৰ দলসমূহক।

নগা পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক বৰশিলৰ বনভোজস্থলীৰ পৰিৱেশেই কিছু সুকীয়া,বনভোজস্থলীলৈ যাবলৈ আছে সুন্দৰ পকী পথ।সেউজীয়া পৰিৱেশৰ মাজত অৱস্থিত এই বৰশিল বনভোজস্থলীয়েদি বৈ গৈছে দিখৌ নৈৰ লগতে এটি নিজৰা আৰু গাতেই লাগি আছে নগাপাহাৰ।

নাজিৰাৰ লক্ষ্মীজানত অৱস্থিত বৰশিল বনভোজস্থলীৰ কেৱল পৰিৱেশেই নহয় এই বৰশিলৰ কিছু আছে ইতিহাসো।

আহোম ৰজা গদাধৰ সিংহই চুলিক-ফা অৰ্থাৎ ল’ৰাৰজা পৰা পলাই গৈ নগাপাহাৰলৈ যাওঁতে নাজিৰাৰ লক্ষ্মীজানত অৱস্থিত বৰশিলতেই আত্মগোপন কৰি আছিল,ইয়াৰ উপৰিও নাজিৰাৰ লক্ষ্মীজানত অৱস্থিত বৰশিলত থকা পদাংকৰ চিহ্ন স্বৰ্গদেউ গদাধৰ সিংহৰ পদাংকৰ চিহ্ন এক প্ৰবাদ তথা জনবিশ্বাস আছে।

নাজিৰাৰ লক্ষ্মীজানত অৱস্থিত নগা পাহাৰৰ গাতে লাগি থকা বৰশিলত এই পদাংকৰ চিহ্ন,প্ৰাকৃতিক মনোমোহা সৌন্দৰ্য্য উপভোগ কৰিবলৈ ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণ ভিৰ কৰে বিভিন্ন প্ৰান্তৰৰ বনভোজৰ দলসমূহে।

Leave A Reply

Your email address will not be published.