Daily Time Axom

হাটশিঙিমাৰী প্ৰেক্ষাগৃহত সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানৰ শুভাৰম্ভ

0 24

অসম চৰকাৰৰ সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানৰ যোগেদি স্কুলীয়া ছাত্ৰী সকলক নৃত্য গীতৰ যোগেদি বাছনি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।
জিলা প্ৰশাসনৰ তৰপৰ পৰা মানকাচৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত স্কুলীয়া ছাত্ৰী সকলক ইতিমধ্যে গাঁও পঞ্চায়ত সমূহৰ পৰা বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰিছে। এই বাছনি হোৱা ছাত্ৰী সকলৰ মাজৰ পৰা জিলা পৰ্যায়ৰ বাবে নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ মাজৰ পৰা যিবিলাক বাছনি হ’ব সিহঁতক ৰাজ্যিক পৰ্যায়ৰ বাবে বাছনি কৰা হয় । এনেকৈ এই নৃত্য প্ৰতিযোগিতা চলি থাকিব আৰু প্ৰতিভা থকা নৃত্য শিল্পীসকলৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ সুবিধা গ্ৰহণ কৰিব।
আজিৰ‌ এই অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা,জিলা খনৰ বুদ্ধিজীৱি,সমাজ সেৱক‌ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল।

Leave A Reply

Your email address will not be published.