Daily Time Axom

সৰুপথাৰ আৰু বৰপথাৰ পৌৰসভাত দুটাকৈ গৌৰৱ পথৰ আধাৰশিলা স্থাপন বিধায়ক বিশ্বজিৎ ফুকনৰ

0 34

#বৰপথাৰ জুনিয়ৰ কলেজৰ লগতে কেইবাখনো বিদ্যালয়ৰ ডিজিটেল লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন।

সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ আৰু সৰুপথাৰ দুয়োখন পৌৰসভাতে শুক্ৰবাৰে বিধায়ক বিশ্বজিৎ ফুকনে এটাকৈ গৌৰৱ পথৰ আধাৰশিলা স্থাপন কৰে। বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত হাই স্কুল তিনি আলিৰ পৰা কালিবাড়ীলৈকে পথচোৱা অসম চৰকাৰৰ গৌৰৱ পথ আঁচনিৰ অধীনত আহল বহলকৈ নিৰ্মান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইপিনে সৰুপথাৰতো সৰুপথাৰ ষ্টেট বেংকৰ সমীপৰ পৰা ইকৰানিৰ দিশে গৌৰৱ পথ নিৰ্মানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই দুয়োটা গৌৰৱ পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক বিশ্বজিৎ ফুকনে । ইপিনে পুৱা বৰপথাৰ জুনিয়ৰ কলেজ, ধোন্দাচাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, বৰপথাৰ হিন্দি হাই স্কুল, শিঙিমাৰি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত একোটাকৈ ডিজিটেল লাইব্ৰেৰীৰ আধাৰশিলা স্থাপন কৰে। একেটা দিনতে বিধায়কজনে সৰুপথাৰ কুশল কোঁৱৰ গাৰ্লচ জুনিয়ৰ কলেজ সংযোগী পথটোৰ পকীকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰে। আনহাতে সন্ধ্যালৈ গোলাঘাট জিলা চাঁওতালী সাহিত্য পৰিষদৰ উদ্যোগত বৰপথাৰ নগৰত অনুষ্ঠিত হোৱা চাঁওতালী ভাষা মান্যতা দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ।

Leave A Reply

Your email address will not be published.