সুন্দৰ আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ আপুনি কি খাদ্য গ্ৰহণ কৰিব? জানক!
ডিজিটেল ডেস্ক: বৰ্তমান দেশ তথা ৰাজ্যৰ পৰিস্থিতি অতি ভয়ংকৰ । সুৰক্ষিত থাকিবলৈ হ’লে ঘৰতে থকাটো অতি প্ৰয়োজনীয়। এতিয়া সকলোৰে হাতত অফুৰন্ত সময়। গতিকে ঘৰতে থাকি এইকেইটা দিনত আপুনি নিজৰ যত্ন লব পাৰে। আজি আমি আপোনালোকলৈ আগবঢ়াইছো সুন্দৰ আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ কেইটামান ঘৰুৱা উপায়।
১/পানীৰ উপকাৰিতাৰ বিষয়ে আমাৰ সকলোৰে জ্ঞাত।পানীয়েই প্ৰানীৰ প্ৰাণ বুলি এষাৰ কথাও আছে।গতিকে পানীৰ প্ৰয়োজনীয়তাৰ কথা আমি সকলোৱেই জানো।পৰিষ্কাৰ পানী যদি আপুনি প্ৰতিদিনেই পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰে তেন্তে সেই পানীয়েই আপোনাৰ ছালখন যৌৱনাদীপ্ত কৰি তোলে।ইয়াৰ লগতে শালমইনাৰ দৰে সমস্যাকো পানীয়ে নোহোৱা কৰিব পাৰে।আপোনাৰ ছালখন উজ্বল আৰু ধুনীয়া কৰি ৰখাৰ লগতে স্বাস্থ্যৰ বাবেও প্ৰতিদিনাই সেৱন কৰক পৰ্যাপ্ত পৰিমাণৰ পৰিষ্কাৰ পানী।
২/আপোনাৰ প্ৰতিদিনাৰ খাদ্যৰ তালিকাখনত কেনেধৰণৰ খাদ্যক আগস্থান দিয়ে? আমি প্ৰতিদিনাই গ্ৰহণ কৰা খাদ্য সমুহৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে। আপোনাৰ খাদ্যৰ তালিকাখনত আপুনি মাছ অন্তৰ্ভুক্ত কৰক।মাছত থকা তেলে আমাৰ ছালখন উজ্বলাই তোলাৰ লগতে ছালৰ যতন লয়। ইয়াৰোপৰিও আপুনি অন্তৰ্ভুক্ত কৰিব পাৰে বিভিন্ন ফলৰ চালাড অথবা বুট,মগু আদি।গজালি ওলোৱা বুট,মগু স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই খাদ্য সমুহে আপোনাৰ স্বাস্থ্যৰ লগতে সৌন্দৰ্যও বঢ়াই তুলিব।
৩/সৌন্দৰ্য্য বৃদ্ধিৰ বাবে আপুনি বাদাম খাব পাৰে। বাদামত ভিটামিন ‘ই’ পোৱা যায়।ভিটামিন ‘ই’য়ে ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে। গতিকে সৌন্দৰ্য বৃদ্ধিৰ বাবে আপুনি বাদাম খাব পাৰে।