Daily Time Axom

দ্ৰৌপদী মুৰ্মু, নীতা আম্বানীৰ সৈতে দীপিকা! বছৰৰ শেষত শ্ৰেষ্ঠ মহিলা কোন?

0 45

বছৰৰ শেষত বলীউডৰ “মস্তানী” দীপিকা পাডুকনে শ্ৰেষ্ঠ মহিলাৰ তালিকাত স্থান লাভ কৰিছে বক্সাৰ নিখাত জাৰিন, ব্যৱসায়ী মহিলা নীতা আম্বানী আৰু ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে। বছৰৰ শেষত এই উপহাৰত অভিনেত্ৰীগৰাকী সুখী হৈ পৰিছে। আলোচনীখনৰ ফটোখন তেওঁ ইনষ্টাগ্ৰামত পোষ্ট কৰে। বলীউডৰ “বাজীৰাও” ৰণবীৰ সিঙে তাত মন্তব্য কৰিছিল, “অ’ছাম। প্ৰাউড অফ ইউ।”
অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলেও এই পোষ্টাৰখন দেখি আনন্দিত হৈ পৰিছে। বহুতে অভিনন্দন জনাইছে। একাংশই অভিনেত্ৰীগৰাকীক বলীউডৰ “ৰাণী” বুলি অভিহিত কৰিছে। অনুৰাগীয়ে অনাগত দিনত তেওঁক সফলতা কামনা কৰে। বহুতে মন্তব্য কৰিছিল, “এইদৰেই মহিলাসকলে সকলো ক্ষেত্ৰতে আগবাঢ়িব লাগে।” অৱশ্যে সমালোচনাৰ ধুমুহাও দেখা গৈছে। পোষ্টাৰখন চাই কোনোৱে কৈছে, “ইমান প্ৰতিভাশালী মানুহৰ মাজত দীপিকাই কি কৰি আছে?” কোনোবাই আকৌ ঠাট্টা কৰি লিখিছে, “নীতা আম্বানীৰ একমাত্ৰ কৃতিত্ব তেওঁৰ উদ্যোগপতি স্বামী।”

Leave A Reply

Your email address will not be published.