Daily Time Axom

মলাখোৱা আঞ্চলিক আমছুৰ উদ্যোগত এক বিশাল সজাগতা সভাৰ আহ্বান

0 45

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ সৌজন্যত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত মলাখোৱা আঞ্চলিকৰ উদ্যোগত আমছুৱে ২৮ ডিচেম্বৰত দিনা দিনৰ ১ বজাত সাধাৰণ ৰাইজক সজাগতাৰ এক বিশাল সভাৰ আনুষ্ঠানিক ভাবে আয়োজন কৰিব বুলি জানিব পৰা গৈছে।

সভাখনৰ বিশেষ উদ্দেশ্য ব্যাখ্যা কৰি শিক্ষাৰ প্ৰয়োজনীয়তা, ড্ৰাগছ সেৱন, বাল্য বিবাহ, আৰু পথ সুৰক্ষা বিপজ্জনক আদি ওপৰত আলোচনা কৰি ভাল পদক্ষেপ নৱ প্ৰজন্মৰ বাবে বিশেষ সচেতন আৰু সজাগতাৰ বিষয়ে সমগ্ৰ সাধাৰণ ৰাইজক সভাস্থলীত আহিবলৈ আমছুৱে আহ্বান জনায়।

উল্লেখ্য যে সভাতখনত উপস্থিত থাকিব কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম লগতে জিলাৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা থাকিব বুলি আমছু সাধাৰণ সম্পাদক ফিৰোজ আল্ ফাৰুক খন্দকাৰ আৰু আমছুৰ সভাপতি সফিকুল আলম আৰু মমিনুৰ ইছলাম মলাখোৱা আঞ্চলিকৰ সভাপতিয়ে সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.