২০২০ বর্ষৰ ব্ৰহ্মাণ্ড সুন্দৰী খিতাপ অৰ্জন মেক্সিকোৰ সুন্দৰী আদ্ৰেয়া মেজাৰ
ডিজিটেল ডেস্ক: আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হৈছিল ২০২০ চনৰ ব্ৰহ্মাণ্ড সুন্দৰী প্ৰতিযোগিতা। দেওবাৰে অনুষ্ঠিত হৈছিল উক্ত প্ৰতিযোগিতা খনি । উল্লেখযোগ্য যে বিশ্বৰ ৭৪ খন দেশৰ সুন্দৰীয়ে অংশগ্ৰহণ কৰিছিল উক্ত প্ৰতিযোগিতা খনত ।২০২০ বর্ষৰ ব্ৰহ্মাণ্ড সুন্দৰী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় মেক্সিকোৰ সুন্দৰী আদ্ৰেয়া মেজাই ।আদ্ৰেয়াই মুঠ ৭৪ খন দেশৰ সুন্দৰীক চেৰ পেলাই লাভ কৰে বিশ্ব সুন্দৰীৰ মুকুট।মেক্সিকোৰ সুন্দৰী আদ্ৰেয়া মেজা এগৰাকী ছফটৱেৰ অভিযন্তা।প্ৰতিযোগিতা খনিত মিছ ব্ৰাজিল ২০২০ জুলিয়া গামাই প্ৰথম ৰানাৰ্ছ -আপ,মিছ পেৰু ২০২০ জেনিক মেচেতা ডেল কেষ্টিল’ৱে দ্বিতীয় ৰানাৰ্ছ- আপ আৰু ভাৰতৰ সুন্দৰী এডলিন কেষ্টেলিনে তৃতীয় ৰানাৰ্ছ-আপ লাভ কৰে।