ভাৰতৰ ৰাজধানী দিল্লীত ইজৰাইলৰ দূতাবাসৰ সমীপত সংঘটিত হয় এক বিস্ফোৰণ। ইয়াৰ পিছতে দেশৰ নাগৰিকসকলক ভ্ৰমণৰ সময়ত সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে। ইজৰাইলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মুখ্য কাৰ্যালয়েও নিজৰ ইহুদী পৰিচয় প্ৰকাশ কৰা যিকোনো কাম ৰাজহুৱাভাৱে নকৰিবলৈ পৰামৰ্শ দিয়ে।
মঙলবাৰে জাৰি কৰা এন এছ এইচৰ সতৰ্কবাণীত কোৱা হৈছে যে, ভাৰত আৰু দিল্লীত থকা ইজৰাইলসকলক সাৱধান হ’বলৈ কোৱা হৈছে। লগতে ৰাজহুৱা স্থানত নিজকে ইজৰাইলী বুলি পৰিচয় দিয়া প্ৰমান প্ৰদৰ্শনৰ পৰা বিৰত থকাৰ লগতে আপোনাৰ ভ্ৰমণৰ বিতং তথ্য বা ছবি ছ’চিয়েল মিডিয়াত পোষ্ট নকৰিবলৈ পৰামৰ্শ দিছে।
মঙলবাৰে সন্ধিয়া দিল্লীৰ চাণক্যপুৰীৰ কূটনৈতিক এলেকাত সংঘটিত হয় এই বিস্ফোৰণ। কোনো লোক আহত হোৱা নাই। অৱশ্যে সেই স্থানৰ পৰাই উদ্ধাৰ হোৱা শ্ব্ৰেপনেলটো উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনাৰ তদন্ত অব্যাহত আছে।
বিবিচিৰ প্ৰতিবেদন অনুসৰি বিস্ফোৰণৰ পিছত ইজৰাইলে ভাৰতত থকা নাগৰিকসকলক শ্বপিং মল বা বজাৰৰ দৰে জনবহুল অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে। লগতে কোনো ডাঙৰ অনুষ্ঠান বা অনুষ্ঠানলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।
দূতাবাসৰ সমীপত সংঘটিত বিস্ফোৰণ ‘সন্ত্রাসবাদী আক্রমণ’ হোৱাৰ ‘তীব্র সম্ভাৱনা’৷ লগতে একে ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকাও আছে বুলি কৰ্তৃপক্ষই জনায়।
চলিত মাহৰ আৰম্ভণিতে এন এছ এইচে গাজাত চলি থকা যুদ্ধৰ মাজতে ইজৰাইলীসকলক সকলো বিদেশ ভ্ৰমণ পুনৰ বিবেচনা কৰিবলৈ সকীয়াই দিছিল। কয়, যদি ব্যক্তিগতভাৱে ভ্ৰমণ কৰে, তেন্তে তেওঁলোকৰ ইহুদী পৰিচয় প্ৰকাশ কৰা যিকোনো বস্তুৰ বাহ্যিক প্ৰদৰ্শনৰ পৰা বিৰত থাকিব লাগে।