কামৰূপ জিলা উকিল সন্থাৰ বাৰ্ষিক আলোচনী ”কামৰূপা” উন্মোচনী অনুষ্ঠস্থান আজি আমিন গাঁও কামৰূপ উকীল সন্থাৰ কায্যালয়ত অনুষ্ঠিত হৈ যায় । আলোচনীখন উন্মোচন কৰে দৈনিক অসম কাকতৰ সম্পাদক ড০ হিতেশ ডেকাই। আমন্ত্ৰিত অতিথিৰ আাসনৰ পৰাই শিক্ষাবিদ ড০ হিতেশ ডেকাই সাৰগৰ্ভ ভাষণেৰে সন্মোহিত কৰে অধিবক্তা সকলক । আমিনগাঁৱৰ উকিল সন্থাৰ সভাগৃহত অনুষ্ঠিত আলোচনী উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে উচ্চ ন্যায়ালয়ৰ অধিবক্তা দীপক শৰ্মা। অধিবক্তা গৰাকীয়ে ভাষণত সমসাময়িক সমাজ ব্যবস্থাৰ ওপৰত ভাষণ প্ৰদান কৰি”কামৰূপা” আলোচনীখনে অধিবক্তা সকলৰ বৌদ্ধিক উত্তৰণ ঘটা বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানত মৰিগাঁৱৰ সত্ৰ ন্যায়াধীশ নয়নমণি বৰুৱাও উপস্থিত থাকে ।